স্বামী বিবেকানন্দ অসম যুৱ সৱলীকৰণ আঁচনি
প্রথমাবস্থাত, উদ্দ্যোগ আৰু বাণিজ্য বিভাগে আৰম্ভনি তথা পরিচালনা কৰা উক্ত আঁচনিখন চলিত বছৰ অর্থাৎ ২০২০ চনত অসমৰ বিত্ত বিভাগে অন্যান্য মুখ্য সংস্থা সমূহৰ সমন্বয়ত নতুনকৈ ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে।
স্বামী বিবাকোনন্দ অসম যুব সবলীকৰণ আঁচনিৰ উদ্দেশ্য
গাওঁ আৰু চহৰ অঞ্চলত নিবলুবা সমস্যা হ্রাস কৰিবলৈ নতুন প্ৰতিষ্ঠান স্থাপনৰ লগতে পুৰণি প্ৰতিষ্ঠান সমূহো উন্নতমানৰ কৰি গঢ়ি তোলা।
উৎপাদন, ব্যবসায় আৰু বাণিজ্য ক্ষেত্ৰৰ লগত জড়িত হৈ থকা ক্ষুদ্ৰ আৰু লঘূ ব্যৱসায়ক বিত্তীয় সাহায্য প্রদান কৰা।
বহনক্ষম বিকাশ সুনিশ্চিত কৰি পৰম্পৰাগত কাৰিকৰ সকলৰ উপাৰ্জনৰ সীমা বৃদ্ধি কৰিবলৈ বিত্তীয় সাহায্য প্রদান কৰা।
স্বামী বিবাকোনন্দ অসম যুৱ সৱলীকৰণ আঁচনিৰ অধীনত অনুস্থিত হোবা কাৰ্য্যকলাপৰ ধৰণঃ
কাৰ্য্যকলাপৰ প্ৰকৃতি:
-উৎপাদন
- প্ৰক্রিয়াকৰণ
- ব্যৱসায় সেৱা
- বাণিজ্য
- গ্রাম্য পৰিবহণ সেৱা(অটোʼ ৰিক্সা, ই-ৰিক্সা)
- পৰ্য্যটন
- দোকান, মেৰামতি কেন্দ্ৰ, হস্ত তাঁত, কুটিৰ উদ্যোগ ইত্যাদি.
ঋনাত্মক কাৰ্য্যকলাপৰ ধৰণ:
- নিচাযুক্ত দ্রব্য উৎপাদন
-বিড়ি, পানমচলা, চিগাৰেট ইত্যাদি
- সুৰা বিক্ৰীৰ প্রতিষ্ঠান
- Plastic bags below 40 microns
হিতাধিকাৰীৰ বাবে যোগ্যতাৰ মাপকাঠিঃ
সকলোবোৰ আবেদনকাৰীয়ে আঁচনিৰ বাবে যোগ্য হনলৈ নিম্নোক্ত যোগ্যতা সমূহ অর্জন কৰিব লাগিব
১. আবেদনকাৰীজন অসমৰ বাসিন্দা হব লাগিব।
২. আবেদনকাৰীৰ বয়স ৪০ বছৰতকৈ কম হোৱাটো বাঞ্চণীয়।
৩. আবেদনকাৰী গৰাকী নূন্যতম অর্হতা প্রবেশিকা পৰীক্ষা উত্তীর্ণ হব লাগিব।
৪. ১ ছেপ্টেম্বৰ ২০২০ তাৰিখৰ আগেয়ে আবেদনকাৰীজন আত্ম সহায়ক গোট বা যুটীয়া দায়বদ্ধ গোটৰ অংশ হোৱাটো প্রয়োজন।
স্বামী বিবাকোনন্দ অসম যুৱ সৱলীকৰণ আঁচনিৰ অধীনত হিতাধিকাৰীৰ লাভালাভ
নবীনতম স্বামী বিবাকোনন্দ অসম যুৱ সবলীকৰণ আঁচনিৰ অধীনত প্রত্যেকেই ৫০,০০০ টকাকৈ আগধন লাভ কৰিবলৈ সক্ষম হব।
৫ জনীয়া সদস্যৰ দলটো ২.৫ লাখ টকাৰ অধিকাৰী হব, ১০ জনীয়া সদস্যৰ দলটো ৫ লাখ টকাৰ অধিকাৰী হব আৰু এনেদৰে সদস্যৰ অধিকতম সীমা ২০ গৰাকীলৈ বৃদ্ধি হ'ব।
১০০০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা উক্ত আঁচনিখনৰ ধন সম্পূর্ণভাবে চৰকাৰী নিধিৰ পৰা প্রদান কৰিব।
হিতাধিকাৰী সকলৰ ভিতৰত স্ব উদ্যমশীল প্রকল্পৰ বাবে নিজকে প্রস্তুত কৰিবলৈ আত্ম সহায়ক গোট, যুটীয়া দায়বদ্ধ গোট আৰু অন্যান্য গোটৰ লগতে সংঘসমূহৰ সকলো সদস্য অন্তর্ভূক্ত হব।

